Untitled

" আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস,
আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু
বৰ্তমানৰ নিৰালম্ব নিৰাসক্তিৰ
বিকৃত জঞ্জাল লই
জীয়াৰ বুকুত,
আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে
শতেক ভৰসা ।
গেলা, দুৰ্গন্ধ, অস্বাস্থ্যকৰ
হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ
এই ভঙ্গুঁ পঙ্গুঁ নৰক কেন্দ্ৰিত দেহৰ দুৰ্ভোগ
আমি
অন্তৰৰ গতিশীল শক্তিৰ
পৰম তৃপ্তিত
দিনে দিনে গংগা স্নান কৰি
লভিছোঁ মুক্তি ।
আমি গঢ়িছোঁ নিজৰ ৰূপ,
সমাজৰ, বিশ্বমানৱৰ সুগভীৰ দৃঢ় সভ্যতা,
আমাৰ সংস্কৃতিৰ নৱ সাম্য মন্দিৰ
বিশ্বৰ জনসভাত
ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি
আমি নহওঁ ‘নি:সঙ্গঁ সুদূৰ' ।
স্বৰ্গৰ কোনোবা নন্দন বনত
আমাৰ বাবে নাই
মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ
আমি মানুহ -
জাগতিক পঞ্চভূত-জাত আমাৰ
দীপ্তিমান শৰীৰক লাগে
নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়ৰ
আল্ট্ৰা ভায়লেট ৰশ্মী,
পুষ্টি-সাধক অন্নৰ
তৃপ্তিদায়ক ভৰা থাল ।
তাৰ বাবে আমি
উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী ।
আমি যুগ পৰিস্থিতিৰ প্ৰতীক
বস্তু আৰু আদৰ্শৰ
দ্বন্দ্বাত্মক গতি
সংগ্ৰাম লিপ্ত বিপ্লৱী । "

Rate this poem: 

Reviews

No reviews yet.