- -

শঙ্কৰী যুগ
অনন্ত কন্দলি,১৬শ শতিকা
ভাগৱত-পুৰাণৰ পৰা
দশম স্কন্ধ
ঊষা বোলে প্ৰাণ-সখী স্বপ্নত আছিলো দেখি
পুৰুষেক ত্ৰৈলোক্য-মোহন|
চাৰু শ্যাম-কলেৱৰ দিব্য পীত-বস্ত্ৰধৰ
ৰুচিকৰ কমল-লোচন||
মহাবাহু মহাবল সুচৰিত্ৰ সুমঙ্গল
একো অঙ্গে নাহি খতিখুন|
কামিনী-মোহন বেশ দৰশনে হৰে ক্লেশ
কতনো কহিবো ৰূপ গুণ||
লয়লাস বেশে আসি মোৰ মুখ চাই হাসি
মহাৰঙ্গে আলিঙ্গি ধৰিল|
মুখে মুখে ঘন চুম্ব মৰ্দ্দিলেক-কুচ-কুম্ভ
ৰতি-ৰস-ভাব দৰশিল
পিয়াই অধৰ-মধু মনক হৰিয়া মোৰ
নাজানো লুকাই কথা যাই|
তাঙ্কে মই প্ৰভু বুলি বিচাৰোহো বিয়াকুলি
সখী মোক দিয়োক দেখাই||
পেহ্লাই কাম-সমুদ্ৰত কিবা দোষ দেখি মোত
তেজি গৈল সিটো প্ৰাণনাথ|
নাপাওঁ যেৱে তাঙ্ক স্বামী নিশ্চয় মৰিবো আমি
সখী সত্য কহিলো তোমাত||
হেন শুনি চিত্ৰলেখী বোলে নমৰিবা সখী
দুখ তোৰ গুচাইবো এখনে |
স্বপ্নত তোৰ মন হৰিলেক যিটোজন
তাঙ্ক আনি দিবো এহিখানে ||
কিন্ত ইটো ত্ৰৈলোক্যত থাকে যদি ইটোজন
মায়া কৰি আনি দিবো হৰি |
চাই তই কহা মোত লিখিয়া দেখাওঁ তোত
দেৱ গন্ধ্বৰ্ব্বক আদি কৰি ||
এহি বুলি বৰনাৰী হাতে চিত্ৰপট ধৰি
প্ৰথমে লিখিল দেৱ্গণ |
সখীক দেখাইলা তাই উষা বুলিলেক চাই
নাহি সিটো পুৰুষ শোভন ||
সুন্দৰ গন্ধৰ্ব্ব য্ত লিখি তাকো দেখাইলেক
আৰো সিদ্ধ বিদ্যাধৰ য্ত |
সুন্দৰ চাৰণগণ নাগগণ সুশোভন
যক্ষ ৰক্ষ কিন্নৰ সমন্ত |
সুন্দৰ পুৰুষ য্ত মনুষ্যক লিখিলেক
উষা বোলে আতো স্বামী নাই |
পাছে মনে গুণি চাই বৃষ্ণি-বংশ লিখিলেক
উষা মন-ৰঙ্গে আছে চাই ||
গোপালৰ পিতামহ শ্বশুৰক লিখি আগে
পাছে বসুদেৱ্ক লিখিল |
ৰাম কৃষ্ণ দুই ভাই লিখিলেক একঠাই
দেখে উষা মনে চমকিল ||
প্ৰদ্যুম্ন লিখিল যেৱে শশুৰ বুলিয়া লাজে
মাথে ঊষা বস্ত্ৰ লৈলা তুলি|
অনিৰুদ্ধ লিখিবাৰ দেখি ঊষা বৰনাৰী
ধৰিবাক চাহে আঙ্কোৱালি ||
লাজে মুখে বস্ত্ৰে ঢাকি বোলে শুনা প্ৰাণসখী
মোৰ প্ৰাণনাথ এহিজন|
দেখা কেন মূৰ্ত্তিমন্ত ভুৱ্ন-মোহন কান্ত
কোন নাৰী ধৰিবেক মন ||
চিত্ৰলেখী বোলে সখী ভালেতো স্বপ্নত দেখি
ভোল ভৈলি তই ভাগ্যৱতী|
প্ৰদ্যুম্নৰ প্ৰিয় পুত্ৰ আন নাম অনিৰুদ্ধ
কেশৱদেৱৰ প্ৰিয় নাতি ||
থাক তই মহাশান্তী ইহান চৰণ চিন্তি
মই হেৰা চলিলো এখনে |
পশিয়া দ্বাৰকাপুৰী কুমাৰ আনিবো হৰি
দিবো তই থাক ৰঙ্গমনে ||

Rate this poem: 

Reviews

No reviews yet.