-

শঙ্কৰী যুগ
অনন্ত কন্দলি,১৬শ শতিকা
ৰামায়্ণৰ পৰা অযোধ্যাকাণ্ড
সীতাৰ কাৰুণ্য শুনি পুনু ৰামচন্দ্ৰ বোলে
শুন শুন জনক-জীয়াৰী |
স্ত্ৰীৰ সঙ্গে বনবাস সুখৰ নাহিক আশ
শুনি হাহিবেক নৰ-নাৰী ||
ভয়্ঙ্কৰ বন তাত সিংহ ব্যাঘ্ৰ অসংখ্যাত
গহ্বৰত পশি কৰে নাদ |
তুমি সুকোমল নাৰী শুনি তাক যাইবা ডৰি
মোৰ মহা মিলিব প্ৰমাদ ||
মহামত্ত হস্তীচয় ফুৰে সৱে যূথ হয়
চিহৰণি শুনি কাম্পে প্ৰাণ |
মহিষ বৰাহ বাঘ আছে বৰ বৰ নাগ
দৰশনে হৰে শ্ৰুতি-জ্ঞান ||
জোক পোক মশ ডাশ দেখি তুমি হৈবা ত্ৰাস
স্বভাৱে ডৰুক তিৰী-জাতী |
ফল মূল বিনে আন ভোজন নাহিকে তাত
কিমতে সহিবা দুখ আতি ||
ৰত্মময় মন্দিৰত চলন্তে শোণিত ঝৰে
দেখো তোৰ চৰণৰ ভাৱ |
অৰুণ-কমল পাৱ কুশময় কণ্টকত
কিমতে হান্থিবি তই পাৱ ||
নেত তুলি কমলিত সদায় শয়ন কৰা
কেনে শুইবি তৃণৰ শয্যাত |
বোলো তোক প্ৰাণেশ্বৰী পতিব্ৰতা-ধৰ্ম্ম ধৰি
ঘৰে থাকি ভজিয়ো আমাত ||
সীতাই বোলন্ত প্ৰভু আত মোৰ ভয় নাই
প্ৰাণ মোৰ আছে তযু পাৱে |
সিংহ ব্যাঘ্ৰ হস্তীগণ ওচৰত নাহিবেক
পলাইবেক তোমাৰ প্ৰভাৱে ||
নাম মাত্ৰ শুনি যাৰ দূৰ হৱে যম কাল
আন কোন হৱে ক্ষুদ্ৰ ভয় |
যেৱে তুমি নেনা সঙ্গে বোলো তেৱে সঙ্গে সঙ্গে
জীৱনত মোৰ নাহি ফল |
দাৰুণ গৰল খাই মৰিবোহো এহি ঠাই
চিন্তি তযু চৰণ কমল ||
এহি বুলি মহাশান্তী কান্দিবাক লাগিলন্তি
শ্ৰীৰামৰ চৰণত পৰি |
সীতাৰ দেখিয়া মুখ ৰামৰ মিলিল দুখ
আশ্বাসি তুলিয়া কৰে ধৰি ||

Rate this poem: 

Reviews

No reviews yet.